■ শিৱসাগৰ জিলা জকাইচুক মৌজাৰ অন্তৰ্গত খনামুখ ১ নং মাউৎ গাঁৱত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰীআদ্যদেওপানী গজলা সত্ৰ(মূল সত্ৰ)ত পূৰ্ণকালীন সত্ৰাধিকাৰৰ বাবে ইতিপূৰ্বে ডেকা সত্ৰীয়া দেৱ কুমাৰ মহন্তক মনোনীত কৰিছে৷ উক্ত সত্ৰাধিকাৰৰ অভিষেক অনুষ্ঠানভাগি অহা ২৪ এপ্ৰিল [১০ বহাগ] মেষ ৰাশি শ্ৰৱৰ্ণা নক্ষত্ৰৰ কষ্ণা অষ্টমী তিথিত আয়োজন কৰা হৈছে ৷ উল্লেখ্য যে মহন্তই বিগত কেইবাবছৰো ধৰি সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে গুৰু দায়িত্ব বহন কৰি আহিছিল৷ উক্ত অনুষ্ঠানভাগিৰ বাবে ইতিমধ্যে এক সভাৰ জৰিয়তে অনিল চন্দ্ৰ দত্তক সভাপতি, বাবা দত্তক কাৰ্যকৰী সভাপতি, ফটিক চন্দ্ৰ বৰুৱা-বিপিন চন্দ্ৰ দত্ত-বিজয় গগৈ-চন্দ্ৰ বৰুৱাক উপ-সভাপতি আৰু ৰিতেন বৰুৱাক সম্পাদক হিচাপে লৈ ১৯ জনীয়া এখনি অভ্যৰ্থনা সমিতি গঠন কৰা হয় বুলি সত্ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সহঃ সম্পাদক বিপ্লৱ মহন্তই এক বাৰ্তা যোগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ উক্ত অনুষ্ঠানলৈ অভ্যৰ্থন্য সমিতিয়ে সত্ৰৰ সমূহ শিষ্য-প্ৰশিষ্য, সুধী সমাজ, বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দ, আইমাতৃ, সত্ৰীয়া আৰু সত্ৰৰ শুভাকাংক্ষীসকলক সাদৰে আমন্ত্ৰণ জনাইছে৷