30.3 C
Guwahati

‘‘নাৰীকেন্দ্ৰিক প্ৰবাদবোৰত বহু অন্ধবিশ্বাস আৰু কুসংস্কাৰ সোমাই আছে’’ ★ টিহুত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰূদ্ধে সজাগতা সভা সম্পন্ন ★

- Advertisement -

♦টিহু : টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ‘সংস্কাৰ মানুহে মানুহৰ বাবে’ মূল ধ্বনিৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰূদ্ধে সজাগতা সৃষ্টি অভিযানৰ অংশ হিচাপে ৭ ফেব্ৰুৱাৰীত টিহু নগৰৰ নিচেই ওচৰৰ বৰবাৰী ভদ্ৰকুছি প্ৰাথমিক বিদ্যালয়ত এখনি সজাগতা সভাৰ আয়োজন কৰা হয় । সভাত অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন উপ সভাপতি– বিশিষ্ট বিজ্ঞান লেখক সুৰেন্দ্ৰনাথ লাউজাৰীয়ে অন্ধবিশ্বাস আৰু লোকাচাৰ বিষয়ক বিভিন্ন সামাজিক প্ৰবাদ আদিৰ ব্যাখ্যা আগবঢ়াই কয় যে নাৰীকেন্দ্ৰিক প্ৰবাদবোৰত বহু অন্ধবিশ্বাস আৰু কুসংস্কাৰ সোমাই আছে । যাৰ ফলত নাৰীসকল বহু সময়ত লাঞ্ছিত হ’বলগীয়া হৈছে । সেয়ে সমাজত প্ৰচলিত প্ৰবাদবোৰৰ বিষয়ে শুদ্ধ বিচাৰ বিশ্লেষণ কৰি সমাজক বিজ্ঞান মনসিকতাৰে আগুৱাই নিব লাগিব । টিহুৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক অণিমা কলিতাই পৰিচালনা কৰা সভাখনত টিহু মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ দীপালী দাস ডেকা, টিহু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰত্নকান্ত শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, সমাজকৰ্মী প্ৰমোদ চন্দ্ৰ ডেকা, বিজ্ঞানকৰ্মী হিতেশ মেধিয়ে সমাজত চলি থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিষয়ে জীৱনত পোৱা নানা অভিজ্ঞতা সম্বলিত বিষয়েৰে ভাষণ প্ৰদান কৰে । অনুষ্ঠানত সমাজকৰ্মী চন্দ্ৰমোহন দাস, শিক্ষয়িত্ৰী গীতাঞ্জলি ডেকা, ধীৰেশ্বৰ দাসৰ লগতে বৰবাৰী ভদ্ৰকুছি অঞ্চলৰ ভালে সংখ্যক পুৰুষ–মহিলা উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
30.9 ° C
30.9 °
30.9 °
34 %
2.5kmh
3 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

হাৰিয়ানাত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা শিবিৰলৈ ৰঙাপৰা-বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰতিনিধি

■ হাৰিয়ানাৰ হিচাৰৰ চৌধুৰী চৰন সিং কৃষি বিশ্ববিদ্যালয়ত ১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰ লৈকে অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয়...

কৃষ্ণাইৰ বুকুলৈ নামি আহিল ফাগুনৰ প্ৰথম জাক বৰষুণ

◆ কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাই● ফাগুনৰ পছোৱা বতাহে আকাশ বতাহ ধুলিময় কৰি তোলাৰ সময়তে ধৰাৰ বুকুলৈ নামি...

ৰঙাপৰাৰ সমন্বয় সমিতিয়ে উদযাপন কৰিলে ন-খোৱা উৎসৱ

♥ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত পালন কৰা উৎসৱ তথা লোকাচৰসমূহৰ ভিতৰত এটা হৈছে ন খোৱা আনন্দোৎসৱ।...