19 C
Guwahati

১৭ আৰুু ১৮ মাৰ্চত  লালাবৰি চৌধুৰীপাৰাত ৰাজহুৱা পালনাম মহোৎসৱ

- Advertisement -

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃগোৱালপাৰা জিলাৰ মৰনৈৰ কাষৰীয়া লালাবৰি চৌধুৰীপাৰাত অহা ১৭ আৰু ১৮ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে ৮ম বাৰ্ষিক ৰাজহুৱা পালনাম মহোৎসৱৰ আয়োজন কৰা হৈছে ৷

এই উপলক্ষে যোগেশ ৰায়ক সভাপতি আৰু পংকজ ৰায়ক সম্পাদক হিচাপে লৈ এখন শক্তিশালী পালনাম উদযাপন সমিতি
গঠন কৰা হৈছে ৷ কাৰ্যসূচী অনুসৰি ১৭ মাৰ্চৰ পুৱা ৮ বজাত চাফাই অভিযান আৰু ১১.৩০ বজাত ধৰ্মীয় ধ্বজা উত্তোলন ৷ উত্তোলন কৰিব পালনাম পৰিচালনা সমিতিৰ সভাপতি যোগেশ ৰায়ে ৷

১২.৩০ বজাত পালনাম মহোৎসৱৰ দ্বাৰ মুকলি কৰিব জ্যোৎস্না কান্ত চৌধুৰীয়ে ৷ ৩ বজাত ভাগৱত পৰিভ্ৰমণ ৷ ৫:৩০ বজাত ভকত আদৰণি,ভাগৱত আদৰণি,সন্ধিয়াৰ প্ৰসংগ,নিজ নিজ পদূলি আৰু জগন্নাথ মন্দিৰত বন্তি প্ৰজ্বলন ৷ দ্বিতীয় দিনা ১৮ মাৰ্চৰ ব্ৰহ্মমুহূৰ্তত ভাগৱত স্থাপন,ভাগৱত অৰ্চনা আৰু পুৱাৰ প্ৰসংগ ৷ মূল পাঠক হিচাপে উপস্থিত থাকিব চক্ৰধৰ নাথ ৷ পুৱা ১০:৩০ বজাত আমন্ত্ৰিত আই সকলৰ দ্বাৰা বহা নাম পৰিবেশন ৷

দুপৰীয়া ১২ বজাৰ পৰা আমন্ত্ৰিত নাম দলৰ দ্বাৰা থিয় নাম পৰিবেশন ৷ সন্ধিয়া ৫:৩০ বজাত পালনাম সামৰণি প্ৰসংগ আৰু প্ৰসাদ বিতৰণ কৰা হব৷ অনুষ্ঠানত অখণ্ড ভাগৱতৰ দায়িত্বত আছে ভূপেন নাথ,লোহিত নাথ আৰু দেউৰীৰ দায়িত্বত থাকিব কন্দৰ্প ৰায় আৰু বাণেশ্বৰ ৰায় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী কুঁহি চেতিয়াৰ ‘বেবেৰিবাং’ৰ শুভ উন্মোচন

■ জয়ন্ত কুমাৰ হাজৰিকা ,নামনি লক্ষীমপুৰ, নাৰায়ণপুৰঃশি শু মনৰ ভাৱৰ উন্মেষ ঘটাই নাৰায়ণপুৰৰ ৭ বছৰীয়া শিশু লেখিকা...

নলবাৰীত ট্ৰাক চালকসহ জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

■ নিশা নলবাৰীত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ■ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ঘগ্ৰাপাৰ আৰক্ষী আৰু আবকাৰী বিভাগৰ...

নামনি অসমত সক্ৰিয় গাড়ী চুৰি চক্ৰঃবৰপেটা ৰোডৰ চুৰি বলেৰ’...

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ কৰ’না মহামাৰীৰ আতংকৰ গইনা লৈ নামনি অসমত পুণৰ সক্ৰিয় হৈ উঠিছে...