19 C
Guwahati

কৃষ্ণাই কৃষি পামত ৪১.৫ হেক্টৰ মাটিত কঠীয়া সিঁচিলে কৃষি বিভাগে

- Advertisement -

♦ গোৱালপাৰা জিলাৰ কৃষ্ণাই কৃষি পামৰ পথাৰত আজি কঠীয়া সিঁচিলে জিলা কৃষি বিভাগে৷ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ৰূপায়ণ হ’বলগীয়া এই আচঁনি খনৰ শুভাৰম্ভ কৰে বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে  এই উদ্দেশ্যে আজি কৃষ্ণাই কৃষিপামৰ পথাৰৰ আঠুৱনি বোকাত নামি পৰিল দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীৰ লগতে জিলাখনৰ একাংশ কৃষি বিষয়া-কৰ্মচাৰী৷

উল্লেখ্য যে গোৱালপাৰা জিলাৰ  উপৰি ৰাজ্যখনৰ অন্য জিলাৰ বানবিধ্বস্ত কৃষক সকলক সহায় কৰাৰ উদ্দ্যেশ্যে গোৱালপাৰা জিলা কৃষি বিভাগে কৃষ্ণাইৰ কৃষি পামত এই আচঁনি খন গ্ৰহণ কৰিছে৷ জিলা কৃষি বিষয়া প্ৰশান্তজিৎ বৰাই জানিবলৈ দিয়া মাতে, চলিত বাৰিষা কালৰ বানত জিলা খনৰ যি সকল কৃষকৰ কঠীয়া নষ্ট হ’ব সেই সকল কৃষকক সকাহ দিয়াৰ বাবে জিলা কৃষি বিভাগে এই ব্যৱস্থা গ্ৰহণ কৰিছে৷

অৱশ্যে বানত ক্ষতিগ্ৰস্ত অন্য জিলাৰ কৃষককো এই সুবিধা প্ৰদান কৰা হ’ব বুলি কৃষি বিষয়া গৰাকীয়ে মত ব্যক্ত কৰে৷ উল্লেখযোগ্য কৃষকৰ সুবিধাৰ বাবে আজি যি উন্নত মানৰ কঠীয়া সিঁচা হৈছে সেইবোৰ কঠীয়া পানীৰ তলত ১০/১৫ দিন থাকিলেও কোনো ক্ষতিসাধন নহয় আৰু এই কঠীয়াৰ দ্বাৰা কৃষক সকলে বিচৰা মতে উৎপাদন লাভ কৰিবলৈ সক্ষম হ’ব। আজিৰ এই অনুষ্ঠানত দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীৰ লগতে জিলা কৃষি বিষয়া প্ৰশান্তজিৎ বৰা, দুধনৈ মহকুমা কৃষি বিষয়া অশোক শৰ্মা, কৃষ্ণাইৰ এডিঅ বন্দনা পাটগিৰি আদিকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে৷

ssam

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

৫৮ নং তামুলপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অধ্যক্ষ অশোক...

    ৫৮ নং তামুলপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অধ্যক্ষ অশোক ভট্টাৰায়: দৰঙাজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অধিকাংশ গোর্খা জনবসতিপূৰ্ণ অঞ্চলত...

নাৰায়ণপুৰ চৌদ্ধপুনীয়াত যোগেন্দ্ৰ নাথ দত্ত সাহিত্য বঁটা প্ৰদান আৰু...

■ নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাঃ ● আজি নাৰায়ণপুৰৰ চৌদ্ধপুনীয়াস্থ যোগেন্দ্ৰ নাথ দত্তৰ পুথিভঁৰালৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বিষ্ণুজ্যোতি...

শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত থকা সম্পৰ্কক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে...

♦ ডিডিআৰ মহাবিদ্যালয়ৰ জয়লাভ চাবুৱাঃ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত থকা সম্পৰ্কক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে চাবুৱাস্থিত বেতমেলা খেলপথাৰত বৃহস্পতিবাৰে...