24.4 C
Guwahati

গৌৰীপুৰ পৰ্ব্বতঝোৰা দেৱীতোলা ভি চি ডি চিৰ থুৰীয়া পাহাৰত পথ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগঃ শ-শ ৰাইজৰ উত্তাল প্ৰতিবাদ

- Advertisement -

■ নুৰ ইছলাম সেখ, গৌৰীপুৰ● বিটিআৰ  কোকৰাঝাৰ জিলা অন্তৰ্গত পৰ্বতঝোৰা মহকুমাৰ দেৱীতোলা উন্নায়ন খণ্ডৰ দেৱীতোলা ভি চি ডি চিৰ অন্তৰ্গত থুৰীয়া পাহাৰৰ পৰা ভায়াহৈ দেবীতোলা লৈ যোৱা পকী পথ নিৰ্মাণৰ বাবে  ২০১৮-২০১৯ বৰ্ষত প্ৰায় ১৫ কোটি টকা আবন্টন দিছিল চৰকাৰে৷

কেন্দ্ৰত থকা নৰেন্দ্ৰ মোডী চৰকাৰ আৰু ৰাজ্যখনত থকা সৰ্বানন্দ সোনোৱাল আৰু বি টি আৰত থকা হাগ্ৰামা মহিলাৰী চৰকাৰৰ দিনত এই পথ নিৰ্মাণৰ কাম আৰাম্ভ হৈছিল৷ কিন্ত পথটোৰ নিৰ্মাণৰ কাম ঠিকা লাভ কৰা ঠিকাদাৰ জনে কোনো কামৰ চাইনবৰ্ড লগোৱা দেখা নগ’ল।

কিমান টকাৰে হ’ব পথটো নিৰ্মাণৰ পথ সকলো অজ্ঞাত। পথ নিৰ্মাণৰ কাম যি গৰাকী ঠিকাদাৰে লাভ কৰিছিল ঠিকাদাৰ গৰাকী হৈছে হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ ব্যক্তি। পথ নিৰ্মাণৰ চোৱা-চিতাৰ বাবে হাগ্ৰামা মহিলাৰীৰ খুল শালিয়েক তথা ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ এম ছি এল এ মুন মুন ব্ৰহ্মক দায়িত্ব অৰ্পণ কৰিছিল বুলি জানিব পৰা গৈছে ৷

এইয়া হৈছে ১৫ কোটি টকীয়া ৰাস্তাৰ দৃশ্য ৷ পথ নিৰ্মাণৰ কাম কোনোমতে কৰি সমুদায় ৰাস্তাটোৰ আঁচনিৰ ধন আত্মাসাৎ কৰিছে ঠিকাদাৰ আৰু মুন মনুয়ে৷ ইফালে আজি শ শ ৰাইজয়ে পথ নিৰ্মাণৰ খেলিমেলি হোৱাত প্ৰতিবাদ কৰে। বিজেপি চৰকাৰ হায় হায় প্ৰমোদ বড়ো হায়, হায় আদি শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে৷

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

Michael Gove Wants You to Stop Wasting Your Food

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

চিঅ’পি-২৬-য়ে কম খৰচত জলবায়ুৰ সুযোগ আৰু সেউজ প্ৰযুক্তিৰ স্থানান্তৰৰ...

পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কৈছে যে চিঅ'পি-২৬-য়ে কম খৰচত সেউজ প্ৰযুক্তিৰ পৰিসৰ, স্কেল আৰু গতি আৰু স্থানান্তৰৰ...

নলবাৰীত অসম জাতীয় পৰিষদৰ বৃহৎ বাইক ৰেলী

♦ফইজুল হক চৌধুৰী, নলবাৰীঃ ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী নগেন ডেকাৰ সমৰ্থত...