32.2 C
Guwahati

নলবাৰীত প্ৰণীতা হালৈৰ ‘পদুমপাহিত জোনাকৰ বৰষুণ’ কাব্যগ্ৰন্থ উন্মোচন

- Advertisement -

নলবাৰী : অসমৰ গৌৰৱোজ্জ্বল ইতিহাস ধৰি ৰাখিব লাগিব । ইতিহাসৰ সমলবোৰৰ বিষয়ে নতুন প্ৰজন্মক জ্ঞান দিব লাগিব । কিয়নো জ্ঞান নাথাকিলে সৃষ্টি কৰিব নোৱাৰে । সৃষ্টিৰ বাবে মানুহৰ মন ভাল হ’ব লাগিব । কবিসকলৰ মন ভাল আৰু তেওঁলোক ভাল মানুহ । কবিসকল সমাজ এখনৰ দিক্‌নিৰ্ণায়ক।’’ — এই মন্তব্য বিশিষ্ট শিক্ষাবিদ অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতীৰ । নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত কবি প্ৰণীতা হালৈৰ কাব্যগ্ৰন্থ ‘পদুমপাহিত জোনাকৰ বৰষুণ’ নামৰ গ্ৰন্থ খন উন্মোচন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভুগোল বিভাগৰ অধ্যাপক ডঃ ভাগৱতীয়ে কয় যে কবিয়ে বৈপ্লৱিক চেতনাৰে সমাজৰ মানুহক জাগ্ৰত কৰিব পাৰে । নলবাৰী জিলা সাহিত্য সভাই প্ৰকাশ কৰা কবি প্ৰণীতা হালৈৰ ‘পদুমপাহিত জোনাকৰ বৰষুণ’ এখন অনুপম কাব্যগ্ৰন্থ বুলি উল্লেখ কৰি বিশ্ববিখ্যাত‘ শকুন্তলম্‌’ নাটখনৰ কাব্যিকতা বৰ্ণনা কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাখন উদ্বোধন কৰে নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই । সভাখন উদ্বোধন কৰি অতিৰিক্ত উপায়ুক্ত ডেকাই সাহিত্য–সংস্কৃতি যিয়ে ভাল নাপায় তেওঁ‌ পশুতুল্য বুলি কয় । সাহিত্য-সংস্কৃতি এক বিশাল বস্তু বুলি উল্লেখ কৰি ডেকাই ভাষণত কয় যে সাম্প্ৰতিক সময় বৰ কঠিন । এই কঠিন সময়ত মানুহে যান্ত্ৰিক জীৱন কটাইছে । এনে যান্ত্ৰিক সময়ৰ মাজত সাহিত্য–সংস্কৃতিৰ অনুষ্ঠানে জীৱনটোক ভাল পাবলৈ প্ৰেৰণা দিয়ে বুলিও তেওঁ‌ তাৎপৰ্যপুৰ্ণ বক্তব্য আগবঢ়ায় । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰাৰ লগতে অনুষ্ঠান আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰা আৰু চিৰ চেনেহী মোৰ ভাষা জননী বৃন্দগীতেৰে আৰম্ভ হোৱা সভাখনৰ পূৰ্বে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে বন্তি প্ৰজ্বলন কৰে । সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতাই অসম আন্দোলনৰ সময়ৰ স্মৃতি ৰোমন্থন কৰি সেই সময়ৰ নলবাৰীৰ কবি সাহিত্যিকসকলৰ সৃষ্টিৰাজিৰ বিষয়ে আলোকপাত কৰে । নবপ্ৰজন্মক সাহিত্য সভাৰ ক্ষেত্ৰখনলৈ অনাৰ বাবে অসম সাহিত্য সভাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছে বুলি উল্লেখ কৰে । লগতে সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়া আৰু সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ কাৰ্য ব্যৱস্থাক সাংগঠনিক সম্পাদক কলিতাই প্ৰশংসা কৰে । সভাৰ আন এগৰাকী সন্মানীয় অতিথি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই কবিসকলক বানান আৰু ভাষা প্ৰয়োগত গুৰুত্ব দিবলৈ আহ্বান জনায় । বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠকৰ কবিতা পাঠ, কৃষ্ণাক্ষী শৰ্মা, দিপীকা সৰকাৰ আৰু গোকুল তালুকদাৰৰ গীতে সভাখন সজীৱ কৰি তোলে । কবি তথা গায়িকা প্ৰণীতা হালৈয়ে কাব্য চৰ্চাৰ অনুভৱ ব্যক্ত কৰে । অসম সংগীত পৰিবেশনৰে সভা সামৰা হ’য় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

প্ৰধানমন্ত্ৰীয়ে কাইলৈ কম প্ৰতিষেধক প্ৰদান হোৱা জিলাসমূহৰ বিষয়াসকলৰ সৈতে...

■ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কাইলৈ দুপৰীয়া ১২ বজাত কম প্ৰতিষেধক হোৱা জিলাসমূহৰ সৈতে এক...

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্যাচাৰ্য–নলবাৰীৰত্ন–পণ্ডিত ডঃ হৰিনাথ শৰ্মাদলৈক...

♦নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ৩০ জুনত সাহিত্যাচাৰ্য–নলবাৰীৰত্ন– নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি–পণ্ডিত ডঃ হৰিনাথ শৰ্মাদলৈ...

ৰঙিয়াত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ফলমূল বিতৰণ

"সেৱা আৰু সমৰ্পণ অভিযান"ৰ অংশ ৰূপে আজি ৰাজ্যিক সংখ্যালঘু মৰ্চাই ৰাতিপুৱা ১১ বজাৰ পৰা ৰঙিয়া পৰিদৰ্শন বঙলাৰ...