19 C
Guwahati

ৰঙিয়াত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ফলমূল বিতৰণ

- Advertisement -

■ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১৭ চেপ্তেম্বৰত জন্মদিনৰ সৈতে সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে যোৱা ১৭ চেপ্তেম্বৰৰ পৰা অহা ৭ অক্টোবৰলৈ “সেৱা আৰু সমৰ্পণ অভিযান“ নামেৰে বিভিন্ন জনসেৱামূলক কাৰ্য্যসূচী হাতত হৈছে৷

“সেৱা আৰু সমৰ্পণ অভিযান”ৰ অংশ ৰূপে আজি ৰাজ্যিক সংখ্যালঘু মৰ্চাই ৰাতিপুৱা ১১ বজাৰ পৰা ৰঙিয়া পৰিদৰ্শন বঙলাৰ পৰা শুভাৰম্ভণি কৰি ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্য, জ্যেষ্ঠ চিকিৎসক ডাঃ পদ্মেশ্বৰ কলিতাৰ উপস্থিতিত চিকিৎসালয়খনৰ ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে।

উক্ত কাৰ্যসূচীত সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰ, সাধাৰণ সম্পাদকদ্বয় মুস্তাক উদ্দিন আহমেদ, শ্বহিদুল ইছলাম, সম্পাদক চফিকুল হাছান, উপ সভাপতিত্বদ্বয় অশোক সিংহী, খলিলুৰ ৰহমান, তবিবৰ ৰহমান, অঞ্জুমা বেগম, চচিয়েল মিডিয়া কোষ আহ্বায়ক তাফজুল আলী, সংখ্যালঘু মৰ্চাৰ মিডিয়া কোষৰ আহ্বায়ক হজৰত জাকাৰিয়া ভূঞা, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্য্যকৰ্তা তথা উত্তৰ কামৰূপ জিলাৰ কাৰ্যকৰ্তা সকলে অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

Royal Good Announces a New Album, Share New Single,...

To understand the new smart watched and other pro devices of recent focus, we should look to...

ছিপাঝাৰ বি এড্ মহাবিদ্যালয়ত ৬০ সংখ্যক শিক্ষক দিৱস উদযাপন

■ ফখৰুদ্দিন আহমেদ, ছিপাঝাৰ: দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ শিক্ষানুষ্ঠান ছিপাঝাৰ বি এড্ মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে...

নলবাৰীৰ বিশিষ্ট শিক্ষাব্ৰতী–সাহিত্যসেৱী ৰাজেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ ৯৫ সংখ্যক ওপজা দিন...

● নলবাৰী : পশ্চিম নলবাৰী অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰীয়া অধ্যক্ষ ৰাজেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ ৯৫...