● ‘‘অসমীয়া ভাষা–সাহিত্যলৈ হেমচন্দ্ৰ বৰুৱাৰ অৱদান অনস্বীকাৰ্য । অসমীয়া ভাষা–জাতি জীয়াই থকালৈকে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা অসমীয়াৰ হৃদয়ত জীয়াই থাকিব । ভাষা শুদ্ধ নহ’লে সাহিত্য শক্তিশালী নহয় ।’’ —এই মন্তব্য অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাৰ । নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ১০ ডিচেম্বৰৰ আবেলি জিলা সভাৰ নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত স্মৰণ অনুষ্ঠানত ভাষাৰ ওজাৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ডাঃ কলিতাই ভাষা–সাহিত্যৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱাৰ অৱদানৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় । হেমচন্দ্ৰ বৰুৱাক অসমবাসীয়ে সদায় মনত ৰাখিব বুলিও তেওঁ কয় । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰা অনুষ্ঠানটিত শ্ৰদ্ধা নিৱেদন কৰি জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই হেমচন্দ্ৰ বৰুৱা অসমীয়া ভাষা–সাহিত্যৰ দৌলত নক্ষত্ৰৰ দৰে জিলিকি আছে আৰু ভৱিষ্যতলৈও জিলিকি থাকিব । হেমচন্দ্ৰ বৰুৱাক বাদ দি অসমীয়া ভাষাৰ কথা ভাবিবই নোৱাৰি বুলি জিলা সভাপতি শৰ্মাই কয় । হেমচন্দ্ৰ বৰুৱাই হেমকোষ প্ৰণয়ন নকৰিলে অসমীয়া বহু শব্দ হেৰাই গ’লহেঁতেন বুলিও তেওঁ দোহাৰে । অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোৱিন্দ কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক শ্বাহ আলম আহমেদ আৰু নৰেশ্বৰ কলিতা, আৰ্য সাহিত্য সভাৰ সম্পাদক দিলীপ ভট্টাচাৰ্য আৰু উপ সভাপতি বিপুল চক্ৰৱৰ্তী, সাহিত্যসেৱক নৱদীপ বৰকটকীয়েও শ্ৰদ্ধা নিৱেদন কৰে ।