19 C
Guwahati

গোৱালপাৰাৰ বহু উন্নয়ণমূলক কামৰ শুভ উদ্বোধন কৰিলে উপায়ুক্ত বৰ্ণালী ডেকাই

- Advertisement -

♣কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই জিলাখনৰ সম্পূৰ্ণ হৈ উঠা বহু কেইটা উন্নয়ন মূলক কামৰ  শুভ উদ্বোধন কৰে৷ চিআইডিএফ শিতানৰ ধনেৰে আন্তঃগাঁথনি উন্নয়ন কৰা গোৱালপাৰা চহৰৰ বিহুফিল্ড খেলপথাৰ আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ সংযোগী পথটো উপায়ুক্তই আজি শুভ উদ্বোধন কৰে৷ 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে আধাৰশিলা স্থাপন কৰা এই আঁচনি দুটাৰ কাম সম্পূৰ্ণ হৈ উঠাত জিলাবাসীৰ বহুদিনীয়া অভাৱ পূৰণ হ’ল বুলি মত ব্যক্ত কৰিছি সচেতন মহলে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ণ মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা মহিলাৰ একক অৱস্থান কেন্দ্ৰটোও উপায়ুক্তই শুভ উদ্বোধন কৰে৷

এই কেন্দ্ৰটো নিৰ্যাতিতা মহিলাৰ আশ্ৰয়স্থলী হিচাপে ব্যৱহাৰ কৰা হ’ব৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত অসম যুৱ বিকাশ অভিযানৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়ন কৰা দুধনৈ হাইস্কুল আৰু ডুবাপাৰা উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ খেলপথাৰ দুখনো উপায়ুক্ত বৰ্ণালী ডেকাই শুভ উদ্বোধন কৰে৷ ইফালে গোৱালপাৰা উপায়ুক্তৰ কাৰ্যালয় চৌহদত নিৰ্মাণ কৰি  উলিওৱা বহুমূখী ভৱনটোও আজি উকায়ুক্তই শুভ উদ্বোধন কৰে৷

এই ভৱনটো জিলাখনৰ উন্নয়নমূলক  কাম কাজৰ লগতে জিলা প্ৰশাসনে বিভিন্ন প্ৰশাসনিক কামৰ বাবে ব্যৱহাৰ কৰিব৷ ইয়াৰ বিপৰীতে, ৰাক্ষসিনীস্থিত ঘাঁহ বীজ উৎপাদন ফাৰ্ম খনৰো আজি আন্তঃগাঁথনি উন্নয়নৰ কামৰ আধিাশিলা স্থাপন কৰে উপায়ুক্ত বৰ্ণালী ডেকাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

আল্লিবাৰী সত্ৰৰ সত্ৰাধিকাৰ–সাহিত্যিক খগেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীক স্মৰণ নলবাৰী...

■ নলবাৰী : অতীতৰ ঐতিহ্যৰ ভেটিক নিৰ্ভৰ কৰি জাতি নিৰ্মাণ হয় । সেয়ে ঐতিহ্যক সন্মান জনাব নাজানিলে...

CalRecycle Grants $11 Million To Food Recovery Efforts As...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহি, জেকলিন ফাৰ্ণাণ্ডেজক মানি-লণ্ডাৰিং গোচৰত চমন...

    বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহি, জেকলিন ফাৰ্ণাণ্ডেজক মানি-লণ্ডাৰিং গোচৰত চমন জাৰি EDৰ   প্ৰৱৰ্তন সঞ্চালকালয়ে (ED) ২০০ কোটি টকাৰ ধন...