19 C
Guwahati

ৰঙাপৰাৰ বি এছ এন এল কাৰ্যালয়ত চুৰি কাণ্ড

- Advertisement -

◆ প্ৰতিবেদক,ৰঙাপৰা- ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ ৰঙাপৰাৰ কাৰ্যালয়ত চুৰি কাণ্ড। ৰঙাপৰাৰ ১ নং ৱাৰ্ডস্থিত বি এছ এন এল কাৰ্যালয়ৰ তলা ভাঙি ২৪ টাকৈ কাৰ্য্যক্ষম বেটেৰী নিশা চোৰে চুৰি কৰি লৈ যায়।

 

বেটেৰী কেইটা কাৰ্যালয়ৰ এটা কোঠাত চলিত অৱস্থাত আছিল। বেটেৰী কেইটাৰ মূল্য প্ৰায় আঢ়ৈ লাখ টকা হব বুলি কনিষ্ঠ অভিযন্তা চুলতান আহমেদে সদৰী কৰে।

ঘটনাৰ সন্দৰ্ভত ৰঙাপৰাৰ বি এছ এন এল কাৰ্যালয়ৰ কৰ্তৃপক্ষই ৰঙাপৰা আৰক্ষী থানাক অৱগত কৰিছে। ইফালে ৰঙাপৰা বি এছ এন এল কাৰ্যালয়ৰ চুৰি কাণ্ডৰ বুজ লবলৈ শোণিতপুৰ জিলা প্ৰৱন্ধক (কাৰিকৰী বিভাগ) মৌচুমী কৰ উপস্থিত হয়।

উল্লেখ্য যে নিশা বেটেৰী কেইটা চোৰে চুৰি কৰি নিয়াৰ সময়ত মূল গেটখন খোলাৰ বিপৰীতে পকীবেৰ বগাই বেটেৰী কেইটা চুৰি কৰি লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বেও চৰকাৰী কাৰ্যালয়টি চুৰি কাণ্ড সংঘটিত হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

হাইদ্ৰবাদৰ অগ্ৰণী শৈক্ষিক অনুষ্ঠান মহাত্মা গান্ধী নেছনেল কাউঞ্চিল অফ...

♦হায়দৰাবাদৰ অগ্ৰণী শৈক্ষিক অনুষ্ঠান মহাত্মা গান্ধী নেছনেল কাউঞ্চিল অফ ৰোৰাল এডুকেছনে ক’ভিড মহামাৰী প্ৰতিৰোধ কৰিবলৈ লোৱা ব্যৱস্থাপনাত...

গ্ৰাম্য আৰু ভিতৰুৱা অঞ্চলসমূহত কোভিড ৰোধৰ ক্ষেত্ৰত অভিযান তীব্ৰতৰ...

● বিশ্বনাথ চাৰিআলিঃ “সজাগতা আৰু নিবাৰণেই কোভিড ৰোধৰ একমাত্ৰ উপায় আৰু বৰ্তমান পৰিস্থিতিত ইয়াৰ ওপৰতে গুৰুত্ব আৰোপ...

নির্বাচন সম্পৰ্কীয় কার্যসূচীত শিশু জড়িত হ’ব নোৱাৰিবঃ কঠোৰ নিৰ্দেশনা...

দেশৰ নির্বাচন আয়োগে নির্বাচন সম্পৰ্কীয় যিকোনো কার্যসূচীত শিশুক জড়িত কৰা সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নির্বাচনী সভা,...