■ বিশ্ববিখ্যাত ফুটবল খেলুৱৈ মাৰাডোনাক সকলোৱে জানে। কেৱল তেওঁ ভৰিত ফুটবল যাদুৰ বাবে বিখ্যাত সেয়া নহয়। এইগৰাকী খেলুৱৈ কৰে বহু ব্যয়বহুল আনন্দও, এই কথা শুনিছে চাগে। আৰ্জেণ্টিনাৰ এইগৰাকী কিংবদন্তী খেলুৱৈয়ে নিজৰ হাতত এটা নহয় দুটা ঘড়ী পিন্ধিছিল আৰু সকলোৰে বাবে আকর্ষণৰ কেন্দ্ৰবিন্দু আছিল, বহুসময়ত বহুতে ফটো তুলিছিল। তেওঁৰ হাতত থকা মাৰাডোনাৰ এটা প্ৰিয় চুৰি ঘড়ী অসমত উদ্ধাৰ কৰা হৈছে।
বাজিদ হুছেইন নামৰ এজন লোকক ডুবাই আৰক্ষীৰ পৰা তথ্য লাভ কৰি অসম আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। মাৰাডোনাক ২০১০ চনৰ বিশ্বকাপত তেওঁ দুহাতত ‘হুবলট বিগ বেং’ লিমিটেড সংস্কৰণৰ ঘড়ী পিন্ধি থকা দেখা গৈছিল। বিখ্যাত প্ৰতিষ্ঠানটোৱে মাৰাডোনাৰ সন্মানত তেওঁলোকৰ বিশেষ সংস্কৰণৰ ঘড়ী প্ৰস্তুত কৰিছিল। অভিযুক্ত বাজিদে ডুবাইৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল য’ত মাৰাডোনোৰ ঘড়ীৰ লগতে আন কিছুমান মূল্যৱান সামগ্ৰী ৰখা হৈছিল।
বাজিদে আগষ্টত দেউতাকৰ শাৰীৰিক স্বাস্থ্যৰ বাবে ঘৰলৈ উভতি আহিছিল। অৱশ্যে, শনিবাৰে (১১ ডিচেম্বৰ) অসম আৰক্ষীয়ে তেওঁক তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰু ঘড়ীটোও জব্দ কৰিছে।
A costly Hublot watch… Maradona… Dubai… Assam Police
Looks like random words, don't they?
But today all these words came together nicely, stating a story of successful International Cooperation between #DubaiPolice and @assampolice . pic.twitter.com/oMRYgpX3HH— DGP Assam (@DGPAssamPolice) December 11, 2021
অসম আৰক্ষী সঞ্চালক প্ৰধানে ঘটনা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত কয়, “ডুবাই আৰক্ষীৰ কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে আমি তথ্য পাইছিলো যে, বাজিদ হুছেইন নামৰ এজন ব্যক্তিয়ে মাৰাডোনাৰ স্বাক্ষৰিত সীমিত সংস্কৰণৰ ঘড়ী চুৰি কৰি অসমলৈ পলাই আহিছিল। আমি তেওঁক আজি পুৱা প্ৰায় ৪ বজাত গাঁওৰ তেওঁৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছো আৰু ঘড়ীটোও উদ্ধাৰ কৰা হৈছে। ‘
অসম আৰক্ষীয়ে অনুসন্ধান কৰি আছে যে, আগতেও কোনো চুৰি বা আন কোনো অপৰাধমূলক ৰেকৰ্ড আছে নেকি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও তাৎক্ষণিকভাবে আৰক্ষীক তেওঁলোকৰ সফলতাৰ বাবে প্ৰশংসা কৰে। অসম আৰক্ষীয়ে অভিযুক্তজনক জেৰা কৰি আৰু কিছু তথ্য লাভ কৰিবলৈ চেষ্টা কৰি আছে।
In an act of international cooperation @assampolice has coordinated with @dubaipoliceHQ through Indian federal LEA to recover a heritage @Hublot watch belonging to legendary footballer Late Diego Maradona and arrested one Wazid Hussein. Follow up lawful action is being taken. pic.twitter.com/9NWLw6XAKz
— Himanta Biswa Sarma (@himantabiswa) December 11, 2021