20 C
Guwahati

কবি–অনাতাঁৰ শিল্পী–শিক্ষক সুৰেন্দ্ৰনাথ দাসৰ কাব্যপুথি ‘ৰামধেনু’ উন্মোচন

- Advertisement -

♦ নলবাৰী : কৈঠালকুছি হাইস্কুলৰ জ্যেষ্ঠ শিক্ষক, কবি-অনাতাঁৰ শিল্পী সুৰেন্দ্ৰনাথ দাস প্ৰণীত ‘ৰামধেনু’ নামৰ কাব্যপুথি এখন ৮ জানুৱাৰীত উত্তৰ ধৰ্মপুৰ আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত কৈঠালকুছি হাইস্কুলৰ প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় । কাব্যপুথিখন উন্মোচন কৰি নলবাৰী জিলাৰ সাহিত্য সভাৰ সভাপতি, নাট্যকাৰ, সাংবাদিক, ধ্ৰুৱজ্যোতি শৰ্মাই সাৱলীল ভাষণ প্ৰদান কৰে ।

কৈঠালকুছি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক বনামালী বৰ্মনে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক–সাংবাদিক পংকজ বেজবৰুৱা আৰু কৈঠালকুছি হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিকাশ বেজবৰুৱাই ভাগ লয় ।

সভাত অঞ্চলটোৰ জ্যেষ্ঠ সমাজকৰ্মী ৰামমোহন বেজবৰুৱা, উত্তৰ ধৰ্মপুৰ আঞ্চলিক শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক গণেশ বৰ্মন, সাংবাদিক আলতাফ হুছেইন, শৈলেন বৰ্মন, বিশিষ্ট শিক্ষাব্ৰতী ভৱেশ মিশ্ৰ ভাগৱতী, সমাজসেৱক প্ৰমোদ বৈশ্য, কৈঠালকুছি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক জয়জিৎ বৰ্মম, মুকুল চন্দৰ শৰ্মা, অমিয় কুমাৰ বৰ্মনৰ উপৰি অঞ্চলটোৰ ভালে সংখ্যক সাহিত্যানুৰাগী লোক আৰু কৈঠালকুছি হাইস্কুলৰ শিক্ষক–ছাত্ৰ– ছাত্ৰীসকলে ভাগ লয় ।

সভাত কাব্যপুথিখনৰ ৰচক সুৰেন্দ্ৰনাথ দাসে পুথিখন প্ৰণয়নৰ আঁৰৰ কিছু বিষয় ব্যক্ত কৰে । সভাৰ পূৰ্বে কাব্যপুথিখনৰ প্ৰণেতা সুৰেন্দ্ৰনাথ দাসৰ পিতৃ মহেশচন্দ্ৰ দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কৈঠালকুছি হাইস্কুল পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ভূধৰ চন্দ্ৰ মিশ্ৰই । অসম সংগীত পৰিৱেশনেৰে সভা সামৰা হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰফুল্লিত আন্তৰ্জাতিক সাহিত্য উৎসৱ ২০২৪

● ডিব্ৰুগড় বিশ্ববিদ্যালয় ডিব্ৰুগড় চহৰৰ হৃদপিণ্ড সদায় আগন্তুক প্ৰজন্মৰ বাবে উন্নত ভৱিষ্যতৰ এক অনুকল্প হৈ আহিছে। ডিব্ৰুগড়...

অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ স্মাৰক আলোচনা...

  অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ জন্ম দিনটো আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লুইতপৰীয়া শাখা সাহিত্য সভাৰ...

Inspection 35 nos. of Mutton, Poultry & Fish Shops...

Today Under the leadership of Veterinary officer GMC along with veterinary staff, Enforcement Branch, Veterinary Officer From...