24.4 C
Guwahati

কৃষ্ণাই দৈনিক বজাৰৰ পয়ালগা অৱস্থাঃ প্ৰৱেশ পথত আৱদ্ধ বোকাপানী

- Advertisement -

♦ গোৱালপাৰা জিলাৰ কৃষ্ণাই দৈনিক বজাৰ খনৰ অৱস্থা সম্প্ৰতি তথৈবচ হৈ পৰিছে৷ বজাৰ খনৰ ৰূপ দেখিলে এনে লাগে সেয়া যেন বজাৰ নহয়, আৱৰ্জনা স্থলীহে৷ বিশেষকৈ কৃষ্ণাই মূল বজাৰৰ পৰা হনুমান মন্দিৰ হৈ কৃষ্ণাই নৰপতি গড়কাপ্তানি পথ সংযোগী দৈনিক বজাৰৰ ভিতৰৰ পথছোৱা দেখিলে যিকোনো লোকৰে গাত এলাৰ্জি উঠিব৷ এয়া যেন বজাৰত প্ৰৱেশ প্ৰস্থান কৰা পথ নহয়, এটা পৰিত্যক্ত জলাশয়হে৷

আটাইতকৈ পৰিতাপৰ কথা এয়ে যে এই পথৰ কাষতে শংকৰ মন্দিৰ, হনুমান মন্দিৰ এটাৰ লগতে অৱস্থিত হনুমান হিন্দী প্ৰাথমিক বিদ্যালয়খন৷ এফালে দৈনিক বজাৰ খনৰ দুৰ্গন্ধময় পৰিবেশ, আনহাতে গেলা বোকাপানীৰে পৰিপূৰ্ণ পথছোৱাই অঞ্চলটোত বসবাস কৰা লোক সকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷

পিছে কোনে কৰিব ইয়াৰ প্ৰতিকাৰ? খণ্ড উন্নয়ন কাৰ্যালয়, জিলা প্ৰশাসন তথা স্থানীয় বিধায়ক সকলোৱে এই ক্ষেত্ৰত নিমাত৷ ৰাইজৰ দাবী এটাই দৈনিক বজাৰখন বিজ্ঞান সন্মত ভাৱে নিৰ্মাণ কৰাৰ লগতে পয়ালগা পথছোৱাৰ দ্ৰুত উন্নয়ণ সাধন কৰক বিভাগীয় কৰ্তপক্ষই৷ এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

NEWS ALERT : জাতিংগা-হাৰাংগাজাও সংযোগী পথেৰে ১ জুন পৰ্যন্ত...

♦ জাতিংগা-হাৰাংগাজাও সংযোগী পথেৰে ১ জুন পৰ্যন্ত গধুৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। জিলাখনত ভূমি স্খলনৰ...

নলবাৰীতো পাঠদান আৰম্ভ:Video

  নলবাৰীতো পাঠদান আৰম্ভ: দীৰ্ঘদিন পিছত বিদ্যালয় মুখি হৈছে ছাত্র-ছাত্রী সকল। আজিৰে পৰা সমগ্ৰ ৰাজ্য লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বিভিন্ন...

নির্বাচন সম্পৰ্কীয় কার্যসূচীত শিশু জড়িত হ’ব নোৱাৰিবঃ কঠোৰ নিৰ্দেশনা...

দেশৰ নির্বাচন আয়োগে নির্বাচন সম্পৰ্কীয় যিকোনো কার্যসূচীত শিশুক জড়িত কৰা সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নির্বাচনী সভা,...