♦ৰঙিয়া ৰে’ল সংমণ্ডলক কেন্দ্ৰকৰি ৰঙিয়াত গঢ়ি উঠিছে মানৱ সৰবৰাহকাৰীৰ বৃহৎ ঘাটি। উৎসাত কৰাৰ পিছতে পুনৰ গঢ়ি তোলে মানবসৰবৰাহৰ ঘাটি। ৰঙিয়া আৰক্ষীয়ে পূৰ্বতেও কেইবাগৰাকী ব্যক্তিক মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ পিচত শুক্ৰবাৰে নিশাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহি:ৰাজ্যলৈ নিবলৈ অনা ১১ জনকৈ কিশোৰ তথা যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইয়াৰে ভিতৰত এজন মণিপুৰৰ ব্যক্তিও আছে। উল্লেখযোগ্যযে ১৬বছৰীয়া কিশোৰ এগৰাকীও এই চক্ৰটোৰ জালত পৰি উদ্ধাৰ হৈছে। ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে এক অভিযান চলাই ৰঙিয়া ষ্টেচন কৈৰাৰাৰ পৰা সকলোকে উদ্ধাৰ কৰে। নজৰুল ইছলাম ওৰফে পকেট নামৰ যুৱক জনৰ ঘৰৰ পৰা ১১ জনকৈ কিশোৰ তথা যুৱকক মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ লগতে ৪জনকৈ অভিযুক্তক আৰক্ষীয়ে আটক কৰে।
আৰক্ষীয়ে আটক কৰা যুৱক কেইজন হৈছে ৰাজু কলিতা, জ্যোতি মেধী, সুৰেশ আৰিয়া আৰু আইজুল আলী। ইফালে মানৱ সৰবৰাহকাৰীৰ মূল অভিযুক্ত নজৰুল ওৰফে পকেট আৰক্ষী অহা সম্ভেদ পাই পলাই যাবলৈ সক্ষম হয়।
গুৰুত্বপূৰ্ণ কথাটো হ’ল যি ধৰণে মানৱ সৰবৰাহকাৰী চক্ৰই কাশ্মীৰৰ সৈতেও এক নেটৱৰ্ক গঢ়ি তুলিছে,এই বিষয়টোত অসম আৰক্ষী অধিক সস্তম হোৱাৰ প্ৰয়োজন আহি পৰিছে। ইতিমধ্যেই ৰঙিয়াৰ এই ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।